College Song

সমবেত সংগীত

ৰচনা : পুনাৰাম নেওগ, প্ৰতিষ্ঠাপক অধ্যক্ষ
জেউতি চৰাই যাওঁ
জেউতি চৰাই যাওঁ
দুবৰি বনৰ পাতৰ আঁৰত
কিজানি মুকুতা পাওঁ /
জেউতি চৰাই যাওঁ //
ভৰ সাগৰৰ বুকুত আমি
পাল তৰি ল’লো নাও
পাল ফাটি গ’লে
বঠা বাই বাই
সিপাৰে কি আছে চাওঁ /
জেউতি চৰাই যাওঁ //
মুক্ত আকাশত হংসৰ জাক
অসীম তৃষ্ণাত উৰে
আমাৰ চকুতো অসীম দৃষ্টি
লক্ষ্য বহত দূৰে
যাওঁ আু্গুৱাই যাওঁ /
জেউতি চৰাই যাওঁ //
নৱ জেউতি পৰশত সৌৱা
মৰহা কঙ্কাল জীৱন পালো
বন্ধ আত্মা জিকাৰি উঠিল
মুকুতিৰ মহা সংগীত গালো
শ্নাশানত আমি গোলাপী সৌৰভ
বিলাই বিলাই যাওঁ /
জেউতি চৰাই যাওঁ //
জয়ধ্বনি কৰা সৱে
জয় মানৱৰ জয়
জয়ধ্বনি কৰা সৱে
প্ৰতিষ্ঠাতাৰ জয় /
এই মন্দিৰত সোমাই আহা
জ্ঞান পুজাৰীৰ দল, পণ কৰাহে দীন দুখীয়াক
বিলাম নতুন বল
সেৱাৰ মহিমা গাওঁ /
জেউতি চৰাই যাওঁ //

Social Circle