সমবেত সংগীত
ৰচনা : পুনাৰাম নেওগ, প্ৰতিষ্ঠাপক অধ্যক্ষ |
জেউতি চৰাই যাওঁ |
জেউতি চৰাই যাওঁ |
দুবৰি বনৰ পাতৰ আঁৰত |
কিজানি মুকুতা পাওঁ / |
জেউতি চৰাই যাওঁ // |
ভৰ সাগৰৰ বুকুত আমি |
পাল তৰি ল’লো নাও |
পাল ফাটি গ’লে |
বঠা বাই বাই |
সিপাৰে কি আছে চাওঁ / |
জেউতি চৰাই যাওঁ // |
মুক্ত আকাশত হংসৰ জাক |
অসীম তৃষ্ণাত উৰে |
আমাৰ চকুতো অসীম দৃষ্টি |
লক্ষ্য বহত দূৰে |
যাওঁ আু্গুৱাই যাওঁ / |
জেউতি চৰাই যাওঁ // |
নৱ জেউতি পৰশত সৌৱা |
মৰহা কঙ্কাল জীৱন পালো |
বন্ধ আত্মা জিকাৰি উঠিল |
মুকুতিৰ মহা সংগীত গালো |
শ্নাশানত আমি গোলাপী সৌৰভ |
বিলাই বিলাই যাওঁ / |
জেউতি চৰাই যাওঁ // |
জয়ধ্বনি কৰা সৱে |
জয় মানৱৰ জয় |
জয়ধ্বনি কৰা সৱে |
প্ৰতিষ্ঠাতাৰ জয় / |
এই মন্দিৰত সোমাই আহা |
জ্ঞান পুজাৰীৰ দল, পণ কৰাহে দীন দুখীয়াক |
বিলাম নতুন বল |
সেৱাৰ মহিমা গাওঁ / |
জেউতি চৰাই যাওঁ // |
Follow Us!