সমবেত সংগীত
| ৰচনা : পুনাৰাম নেওগ, প্ৰতিষ্ঠাপক অধ্যক্ষ |
| জেউতি চৰাই যাওঁ |
| জেউতি চৰাই যাওঁ |
| দুবৰি বনৰ পাতৰ আঁৰত |
| কিজানি মুকুতা পাওঁ / |
| জেউতি চৰাই যাওঁ // |
| ভৰ সাগৰৰ বুকুত আমি |
| পাল তৰি ল’লো নাও |
| পাল ফাটি গ’লে |
| বঠা বাই বাই |
| সিপাৰে কি আছে চাওঁ / |
| জেউতি চৰাই যাওঁ // |
| মুক্ত আকাশত হংসৰ জাক |
| অসীম তৃষ্ণাত উৰে |
| আমাৰ চকুতো অসীম দৃষ্টি |
| লক্ষ্য বহত দূৰে |
| যাওঁ আু্গুৱাই যাওঁ / |
| জেউতি চৰাই যাওঁ // |
| নৱ জেউতি পৰশত সৌৱা |
| মৰহা কঙ্কাল জীৱন পালো |
| বন্ধ আত্মা জিকাৰি উঠিল |
| মুকুতিৰ মহা সংগীত গালো |
| শ্নাশানত আমি গোলাপী সৌৰভ |
| বিলাই বিলাই যাওঁ / |
| জেউতি চৰাই যাওঁ // |
| জয়ধ্বনি কৰা সৱে |
| জয় মানৱৰ জয় |
| জয়ধ্বনি কৰা সৱে |
| প্ৰতিষ্ঠাতাৰ জয় / |
| এই মন্দিৰত সোমাই আহা |
| জ্ঞান পুজাৰীৰ দল, পণ কৰাহে দীন দুখীয়াক |
| বিলাম নতুন বল |
| সেৱাৰ মহিমা গাওঁ / |
| জেউতি চৰাই যাওঁ // |

Follow Us!